newsnextone.com।তেজপুৰঃ শোনিতপুৰৰ বালিপৰাৰ ফুলবাৰী চাহ বাগিছাৰ ফেক্টৰীত সংঘটিত হৈছে এক অঘটন। ফেক্টৰিত কৰ্মৰত অৱস্থাত ৱেলডিং মেচিনত বিদ্যুৎপৃষ্ট হৈ এজন যুৱক নিহত হোৱাৰ লগতে আহত হয় আন এজন লোক। 

বাগিচাৰ ফেক্টৰীত কৰ্মৰত জিৎ ঘোষ নামৰ শ্ৰমিকজনক এগৰাকী অভিযন্তাই এটা ৱেল্ডিং মেচিন আনিবলৈ নিৰ্দেশ দিয়াৰ পাছতে সংঘটিত হয় ঘটনাটো।

৪৪০ ভল্টৰ বিদ্যুত পৰিবাহিত উক্ত ৱেল্ডিং মেচিনটো অনাৰ লগে লগে বিদ্যুত পৰিবাহিত হৈ জিৎ ঘোষৰ দেহত বিদ্যুতস্পৃষ্ট হৈ পৰাৰ লগতে আহত হয় অশোক ভূঞাঁ নামৰ আন এজন শ্ৰমিক।

আহত অশোক ভূঞাক অতি সংকটজনক অৱস্থাত বৰ্তমান ফুলবাৰী মেডিকেলত ভৰ্তি কৰি চিকিৎসা কৰি থকা হৈছে।