বাহাকাবাৰীঃ বাঁহ নতুবা কাঠৰ খুঁটাক বিদ্যুতৰ খুঁটা হিচাপে ব্যৱহাৰ কৰাৰ পাছত বিদ্যুৎ বিভাগে এইবাৰ গছকে ব্যৱহাৰ কৰিছে বিদ্যুতৰ খুঁটা হিচাপে৷ নগাঁৱৰ কামপুৰৰ তেতেলিসৰা গ্ৰাণ্ট গাঁৱত বিদ্যুৎ বিভাগে গছত তাৰ গাঠি বিদ্যুৎ সৰবৰাহ কৰি আহিছে৷
ৰাইজে বিভাগৰ লোকক গছত তাৰ গাঠিলে বিপদ হ’ব পাৰে বুলি অভিযোগ দিয়াৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। গছত তাৰ বান্ধি বিদ্যুৎ সৰবৰাহ কৰাৰ লগতে কোনো কোনো অংশত তাঁৰ মাটিৰ পৰা কিছু ওপৰেৰে নিয়াৰ ফলত হাত মেমিলেই চুই চাব পাৰি।