খেৰণি/কাজলগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বিদ্যুতপৃষ্ঠ হৈ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে দুটাকৈ এনে ঘটনা সংঘটিত হৈছে৷ প্ৰথমটো ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেং থানা অন্তৰ্গত উমখ্ৰেমিত৷ বিদ্যুতে প্ৰাণ ল’লে নৱ বিবাহিত এহাল দম্পত্তিৰ৷
ঘটনাৰ বিৱৰণী মতে, আজি পুৱাৰ ভাগত নৱ বিবাহিত দম্পত্তি হলিনছন ইংলেং (২৫) আৰু মনিকা চিংথংপিয়ে (২০) নিজৰ বাসগৃহ উমখ্ৰেমিৰ পৰা মাকৈলুমৰ উমচফ’ নৈ পাৰত থকা ঝুম খেতিলৈ বুলি যায়৷ কিন্তু দম্পত্তিহালে মাকৈলুম-জেৰিকিন্দেং গঢ়কাপ্তানি পথৰ পৰা নামি ঝুম খেতিলৈ বুলি কিছু দুৰ যোৱাৰ পাছতে মাটিত চিঙি পৰি থকা বিদ্যুৎ প্ৰবাহিত তাঁৰত লাগি দুয়োয়ে অকাল মৃত্যুক আকোৱালি লয়৷