টিংখাংঃ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ কোকৰাঝাৰ চহৰত দিন দুপৰতে আততায়ীয়ে সংখ্যালঘু নেতাক হত্যা কৰাৰ লগতে দুদিনৰ পাছে পাছে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে নিৰীহ লোকে প্ৰাণ দিব লগা হৈছে৷ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে দুদিনৰ মুৰে মুৰে বিদ্যুৎস্পৃষ্ট হৈ মানুহৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হয়৷এই অভিযোগ কৰাৰ পূৰ্বে প্ৰকৃততে কৰ্মচাৰীসকল খোদ সুৰক্ষিত হয় নে নহয় সেইটোও ফহিয়াই চাব লাগিব৷
প্ৰকৃততে চাবলৈ গ’লে কৰ্মচাৰীসকলো এতিয়া চৰম অসুৰক্ষিত অৱস্থাত। চুলিৰ আগত জিউ লৈ কাম কৰি আছে বিদ্যুৎ কৰ্মচাৰীসকলে৷ যিকোনো মুহূৰ্ততে সন্মুখীন হ’ব পাৰে ভয়ংকৰ দুৰ্ঘটনাৰ। দুৰ্ঘটনা ৰোধৰ বাবে তেওঁলোকৰ সৈতে নাথাকে কোনো আধুনিক সা-সৰঞ্জাম। অসুৰক্ষিত ভাবে অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে নিজ দায়িত্ব পালন কৰি আহিছে।