কামপুৰঃ সতীৰ্থ মন্ত্ৰীৰ খতিয়ান সভাত দাঁত নিকটাই হাঁহি মানৱ সম্পদ গঢ়াৰ খনিকৰ শিক্ষকক অপমান কৰা শক্তিমন্ত্ৰী পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এইবাৰ নগাঁও জিলাৰ কামপুৰত এটি ১৪ বছৰীয়া কিশোৰে প্ৰাণ হেৰুৱাব লগা হয়৷ মন্ত্ৰী পল্লৱ লোচন দাসৰ বিভাগটোৰ দায়িত্ব লোৱাৰ পাছৰে পৰা ৰাজ্যত এতিয়ালৈ প্ৰায় ৯০ গৰাকী লোকে মৃত্যুক আকোৱালি লব লগা হৈছে কেৱল বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে৷
বিভাগৰ গুৰি ধৰিব নোৱাৰি সংবাদ মাধ্যমক উপলুঙা কৰা মন্ত্ৰীগৰাকীৰ বিভাগে একপ্ৰকাৰ এই লোকসকলৰ মৃত্যু হোৱাৰ পাছতো যেন চকু খোল খোৱা নাই বিভাগটোৰ৷ একাংশ কৰ্মচাৰীৰ চৰম গাফিলতিত বিদ্যুৎ নিয়মীয়া কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ সমস্যা এৰি পলায়ন কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷