newsnextone.com | সোণাৰিঃ ৰাজ্যবাসী সাৱধান হ’বৰ হ’ল৷ কিয়নো ৰাজ্যত আকৌ তাঁৰ ছিঙিবলৈ আৰম্ভ কৰিছে৷ ২০১৭ চনত প্ৰায় ৯০জনকৈ লোকৰ প্ৰাণ যোৱাৰ দৰেই এইবেলিও বাৰিষা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈ কেইবাজনো লোকৰ ছিঙা তাঁৰত লাগি মৃত্যু হয়৷ অসমৰ ৰাইজক যমৰ ঘৰ দেখুৱাবলৈ যেন আৰম্ভ আৰম্ভ কৰিছে মন্ত্ৰী তপন কুমাৰ গগৈৰ বিভাগটোৱে৷ মন্ত্ৰী তপনৰ বিভাগৰ তাঁৰ ছিঙি পুনৰ এগৰাকী কণমানি ছাত্ৰৰ প্ৰাণ গ’ল শনিবাৰে৷

চৰাইদেউ জিলাৰ সোণাৰিৰ টিয়ক বঙালী গাঁৱত এগৰাকী কণমানি ছাত্ৰৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ খোদ শক্তিমন্ত্রী তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত বিদ্যুৎ কৰ্মীৰ চৰম গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ পুনৰ এগৰাকী নিস্পাপ ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে শক্তিমন্ত্ৰীৰ সমষ্টিত এতিয়ালৈ তৃতীয়গৰাকী লোকৰ প্ৰাণ যায়৷ শিশুৰ মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই শক্তিমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাইজ৷

জানিব পৰা মতে, শনিবাৰে পুৱাই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে ঘৰৰ পৰা ওলাই গৈছিল অগনবাড়ী কেন্দ্রলৈ৷ পিঠিত বেগ লৈ অংগনবাড়ী কেন্দ্রত উপস্থিত হৈ পাঠদান আৰম্ভ কৰিছিল৷ অংগনবাড়ী কেন্দ্রত উপস্থিত হৈ পঢ়ি থকাৰ সময়তে ছাত্ৰজনে বাহিৰলৈ ওলাই আহে৷ বাহিৰলৈ ওলাই গৈ দুনাই উভতি নাহে ছাত্ৰজন৷ কিছু সময় পিছতেই কেন্দ্ৰটোৰ কিছু নিলগত পথাৰত পিঠিত বেগ লৈ থকা এজন ছাত্ৰ পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে৷ তাৰ পিছতে শ্ৰেণীকোঠাৰ পৰা ওলাই যোৱা ছাত্ৰজনৰ মৃতদেহ বুলি চিনাক্ত কৰা হয়৷

ছাত্ৰজনৰ গাতে লাগি আছিল এডাল উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাৰ৷ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত৷ ততাতৈয়াকৈ বিদ্যুৎ সংযোগ কৰ্তন কৰি ছাত্ৰজনক উদ্ধাৰ কৰে যদিও তেতিয়ালৈ প্ৰাণ বায়ু উৰি গৈছিল ছাত্ৰজনৰ৷ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মণি মুণ্ডা আছিল সোণাৰিৰ টিয়ক বঙালী গাঁৱৰ অংগনবাড়ী কেন্দ্রৰ ছাত্ৰ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে কবিতা দত্ত নামৰ অংগনবাড়ী কৰ্মীগৰাকীক একাংশ লোকে আক্ৰমণ কৰে৷ কেৱল কৰ্মীগৰাকীকে নহয় বৃদ্ধ মাতৃ আৰু কন্যাকো আক্ৰমণ কৰে৷  

ইপিনে ছিঙি পৰি থকা বিদ্যুতৰ তাঁৰৰ খবৰ শনিবাৰে পুৱাই দিয়া হৈছিল বিদ্যুৎ বিভাগক৷ পথাৰত বিদ্যুতৰ এডাল তাঁৰ চিঙি পৰি আছিল বুলি কোৱাৰ পিছতো বিদ্যুতৰ সংযোগ কৰ্তন নকৰাৰ লগতে এই খবৰক গুৰুত্ব প্ৰদান কৰা নাছিল বিভাগৰ কৰ্মচাৰীয়ে৷ উচ্চ ক্ষমতা সম্পন্ন তাৰ পৰি থকাৰ খবৰ পুৱাই দিয়াত মাথো কিছু সময়ৰ বাবে বিদ্যুতৰ সংযোগ কাটিছিল বিভাগে৷ 

কিন্তু উক্ত স্থানত উপস্থিত নোহোৱাকৈ পুনৰ সংযোগ কৰে৷ ফলত অবাঞ্চিত ঘটনাতো সংঘটিত হয়৷ কিন্তু ঘটনাৰ বাবে অংগনবাড়ী কৰ্মীগৰাকীক দোষী সাব্যস্ত কৰি উত্তম মাধ্যম শোধাই একাংশ লোকে৷ কৰ্মীগৰাকীৰ বৃদ্ধা মাতৃ আৰু কন্যাকো উত্তেজিত ৰাইজে প্রহাৰ কৰে। একাংশ সাংবাদিকৰ তৎপৰতাত কৰ্মীগৰাকীক উদ্ধাৰ আৰক্ষীয়ে। শক্তিমন্ত্রী তপন কুমাৰ গগৈয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোৱালি লোৱা শিশুৰ পৰিয়ালক ২ লাখ ৫০ হাজাৰ টকা সাহায্য প্রদানৰ কথা ঘোষণা কৰে। এতিয়া প্ৰশ্ন হয় টকা দি বিঙাগৰ গাফিলতি ঢকাৰ সৃষ্টি কৰিলে মানুহৰ মৃত্যু ৰোধ হ’বনে৷ আৰু কিমান মানুহ মৰিলে চৰকাৰ, মন্ত্ৰী আৰু বিভাগ সচেতন হ’ব?

উল্লেখ্য যে ২০১৭ বৰ্ষত বাৰিষাৰ বৰষুণ পৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বিদ্যুৎস্পৃষ্ট হোৱাৰ ঘটনা সংঘটিত হৈ এজনৰক পিছত আন এজনৰ লোকৰ মৃত্যু হৈছিল৷ ২০১৭ বৰ্ষত যেন লাইট জ্বলাবলৈ, ফেন চলাবলৈ নহয় মানুহক যমৰ ঘৰ দেখুৱাবলৈকেহে ৰাজ্যত যেন বিদ্যুৎ যোগান অব্যাহত ৰাখিছিল শক্তি বিভাগে। ২০১৭ বৰ্ষত গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় ৯০ গৰাকী লোকৰ প্ৰাণ গৈছিল ২০১৭ বৰ্ষত৷

২০১৭ বৰ্ষৰ ১৪ জুনত প্ৰথম চিকাৰ হৈছিল পুষাণ কলিতা নামৰ এজন ছাত্ৰ আৰু আনোৱাৰ হুছেইন নামৰ এজন লোক৷ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ অকালতে মৃত্যুক সাৱটি লয় ছাত্ৰজনে।

ছাত্ৰজনক বচাবলৈ গৈ আনজন লোকো মৃত্যুমুখত পৰে। পুষাণ কলিতা নামৰ ছাত্ৰ জন বিদ্যুৎস্পৃষ্ট হোৱাত আনোৱাৰ হুছেইন নামৰ লোকজনে নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি বছাবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় দুয়োজনেই।

তাৰ পিছতে একেটা বৰ্ষৰ ২২ জুনত এজাক বৰষুণতে জলমগ্ন হৈ পৰা জুৰোডেৰে সুগম পথৰে দায়িত্ব সমাপন কৰি কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে আহি থকা দুলাল মালাকাৰ নামৰ আন এজন যুৱকে পানীৰ তলত পৰি থকা উন্মুক্ত বিদ্যুৎ পৰিবাহী তাৰত লাগি থিতাতে মৃত্যুক সাৱতি লয়। 

একেটা বৰ্ষৰ ১৭ জুলাইত লখিমপুৰ জিলাৰ বগীনদীৰ ১নং কাৱৈমাৰিৰ দুৰ্গা প্ৰসাদ ৰায়ৰ পুত্ৰ আকাশ ৰায় নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ এটি পুখুৰীৰ পাৰৰ হাবিৰ মাজত পৰি থকা তাৰত লাগি মৃত্যু হয়৷ বৰশী টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি থিতাতে মৃত্যু হয় আকাশৰ। এয়া মাত্ৰ কেইটামান উদাহৰণ হে৷ 

এনেদৰে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ৯০ গৰাকী লোকৰ প্ৰাণ গৈছিল ৰাজ্যত৷ আশা কৰা হৈছিল এটা বছৰৰ পিছত চৰকাৰ সলনি হ’ব সলনি হ’ব বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰী৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিব৷ কিন্তু আজিও বিদ্যুৎ বিভাগৰ গাফিলতি দূৰ নহ’ল৷ মন্ত্ৰী সলনি বিভাগৰ৷ কিন্তু বিষয়া-কৰ্মচাৰী কাম কৰাৰ ধ্যাণ-ধাৰণা সলনি নহ’ল৷