শোণিতপুৰঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাট৷ খাদ্যৰ খাদ্যনত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে প্ৰতিদিনে ৰাজ্যত কোনোবা নহয় কোনোবা ঠাইত আক্ৰমণ সংঘটিত কৰি মানুহৰ জীৱন সম্পত্তি বিনষ্ট কৰি আহিছে৷ তাৰ মাজত শোণিতপুৰ জিলাত হাতীৰ আক্ৰমণত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল সৃষ্টি কৰিছে জিলা খনত৷
শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ চেঁচা চাহ বাগিছাত বনৰীয়া হাতীৰ আক্ৰমণত ছাত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাৰ বিৱৰণী অনুসৰি সন্ধিয়া প্ৰায় ৫-৩০ মান বজাত চেঁচা চাহ বাগিচাৰ ডিপোটা লাইনৰ আঞ্জুলোচ কেৰকেটাৰ চতুৰ্থ কন্যা তথা ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰী ববিতা কেৰকেটাই (২৫) তিনিজন সমনীয়াৰ সৈতে দুখন মটৰ চাইকেলেৰে ঘোঁৰামাৰী দিশৰ পৰা গৃহ অভিমুখে আহি আছিল।