66
শুক্লাইঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ হাতীৰ আক্ৰমণত এজন লোকৰ প্ৰাণহানিৰ ঘটনাই শোকৰ ছাঁ পেলাইছে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত৷
খাদ্যৰ অভাৱত অৰণ্যৰ পৰা ওলাই আহি জনাৰণ্যত প্ৰৱেশ কৰা বন্যহস্তী আৰু মানুহৰ মাজৰ সংঘাতে দিনক দিনে জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ নিতৌ বৃদ্ধি পাইছে বন্যহস্তীৰ আক্ৰমণত নিহতৰ সংখ্যা৷