লংকাঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত দাঁতি কাষৰীয়া গাঁৱত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়। জানিব পৰা মতে, লামডিং সংৰক্ষিত বনাঞ্চলৰ সমীপতে থকা পটুপথাৰত আজি পুৱা উদ্ধাৰ হয় এটা বনৰীয়া হাতীৰ মৃতদেহ।
পাছত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়াত ঘটনাস্থলীত বনকৰ্মীৰ এটা দল উপস্থিত হৈ মৃত হাতীটো পৰ্যবেক্ষণ কৰে৷ বনকৰ্মীয়ে বনৰীয়া হাতীটোৰ অকাল মৃত্যু হোৱা বুলিয়ে বিষয়টো সামৰি থবলৈ চেষ্টা কৰে৷