কাজিৰঙাঃ কৰ’নাৰ ভয়াৱহতা আৰু ৰাজ্যত লকডাউন চলি থকাৰ সময়তে কাজিৰঙাত আৰ্তনাদ কৰি আছে এটা বনৰীয়া হাতীয়ে। প্ৰায় ১৫ দিন পূৰ্বেই ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বনৰীয়া হাতীক কোনো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাত ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হাতীটো৷
তেতিয়াৰে পৰাই আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চলত মৃত্যুকাতৰ যন্ত্ৰণা লৈ ছটফটাই থাকিবলগীয়া হৈছিল৷ অৱশেষত সোমবাৰে ভৰিত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে মৃত্যুকাতৰ যন্ত্ৰণা সহিব নোৱাৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনৰ তেতেলীগুৰি বনশিবিৰৰ সমীপৰ এটা হোলাত ঢলি পৰে৷