কাজিৰঙাঃ কৰ’নাৰ ভয়াৱহতা আৰু ৰাজ্যত লকডাউন চলি থকাৰ সময়তে কাজিৰঙাত আৰ্তনাদ কৰি আছে এটা বনৰীয়া হাতীয়ে। প্ৰায় ১৫ দিন পূৰ্বেই ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বনৰীয়া হাতীক কোনো দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰাত ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল হাতীটো৷

তেতিয়াৰে পৰাই আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিভিন্ন অঞ্চলত মৃত্যুকাতৰ যন্ত্ৰণা লৈ ছটফটাই থাকিবলগীয়া হৈছিল৷ অৱশেষত সোমবাৰে ভৰিত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে মৃত্যুকাতৰ যন্ত্ৰণা সহিব নোৱাৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনৰ তেতেলীগুৰি বনশিবিৰৰ সমীপৰ এটা হোলাত ঢলি পৰে৷

ইয়াৰ পাছতেই বোকাত আৱদ্ধ হৈ পৰে হাতীটো৷  কাজিৰঙাৰ পানবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰৰ পশু চিকিৎসক আৰু বনবিভাগৰ দলে বিভাগীয় পোহনীয়া হাতীৰ সহযোগত  ঘটনাস্থলীত উপস্থিত হৈ হাতীটোক আজি  চিকিৎসা কৰে যদিও হোলাটোৰ পৰা উঠাবলৈ সক্ষম নহ'ল৷

পশু চিকিৎসক চামচুল আলীয়ে জানিবলৈ দিয়া মতে এই হাতীটো আন বনৰীয়া হাতীৰ সৈতে যুঁজত আঘাতপ্ৰাপ্ত হৈছিল। হাতীটোৰ আগৰ বাওঁ ঠেং সম্পূৰ্ণৰূপে ভাঙি যোৱাত লৰচৰ কৰাত ভীষণ সমস্যাৰ সৃষ্টি হৈ আছিল। এনেদৰেই এতিয়া কাজিৰঙাৰ বিলত মৃত্যুকাতৰ যন্ত্ৰণাত ছটফটাই আছে বনৰীয়া হাতীটোৱে৷