77
কামপুৰঃ ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত৷ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ পাছত এইবাৰ হাতী-মানুহৰ সংঘাত সংঘটিত হ’ল নগাঁও জিলাত৷
নগাঁও জিলাৰ কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কন্দলীত সোমবাৰে নিশা বন্যহস্তীৰ এটা জাকে সন্ত্ৰাসৰ সৃষ্টি কৰে৷ কন্দলীৰ বন্যাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ এটা জাকে পকী ঘৰ সহ ৬ টাকৈ বাসগৃহৰ লগতে বহু মুল্যবান সামগ্ৰী ভাঙি চুৰমাৰ কৰে৷