newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলী চাহ বাগিচাৰ ৬ নং লাইনত সোমবাৰে দিন দুপৰতে হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাত অঞ্চলজুৰি চঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, নিহত লোক জনৰ নাম ৰঘু মুণ্ডা ওৰফে অজয় মুণ্ডা (৪৫) বুলি জানিব পৰা গৈছে। 

ঘটনাৰ ক্ৰম অনুসৰি, তেওঁ দুপৰীয়া বৰনদীৰ পৰা ৬ নং শ্ৰমিক লাইনত থকা নিজৰ ঘৰলৈ চাইকেলৰে আহি থাকোতে বনৰীয়া হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা লাডেন নামৰ হাতীয়ে লোকজনক আক্ৰমণ কৰে। আক্ৰমণৰ ফলত  থিতাতে নিহত হয় লোকজন। 

সেই সময়ত চাহ বাগিচাত কৰ্মৰত শ্ৰমিক সকলে ঘটনাটো প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষদৰ্শী শ্ৰমিকসকলে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰোৱাত নাগ্ৰীজুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিখিল সিংহৰ নেতৃত্বত আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলী আৰক্ষী চকীলৈ লৈ আহে। 

ইপিনে এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতো ঘটনাস্থলীত বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাত স্থানীয় লোক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। বনবিভাগৰ লোকে অবৈধ ভাৱে ট্ৰাক-ট্ৰেক্টৰৰ পৰা টকা সংগ্ৰহ কৰাতহে ব্যস্ত থাকে বুলি ৰাইজে ক্ষোভ উজাৰে।