Home ৰাজ্যকাৰ্বিআংলঙত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

কাৰ্বিআংলঙত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ মৃত্যু

by News Desk
A+A-
Reset
Untitled-TrueColor-01

ডিজিটেল ডেক্স,খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা খেৰণি থানা অন্তৰ্গত মাইলু বস্তীত সংঘটিত হৈছে এক হাতী-মানুহৰ সংঘাতৰ ঘটনাৰ। বনৰীয়া হাতীৰ আক্ৰমণত অকাল মৃত্যুক আঁকোৱালি লবলগা হল এগৰাকী মহিলাই । ৰাতিপুৱা ৫ বজাত মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই কুঁহিয়াৰ খেতিলৈ বুলি যাওঁতে হঠাৎ আক্ৰমণ কৰে এটা বনৰীয়া হাতীয়ে। ফলত হাতী আক্ৰমণত থিতাতে মৃত্যু হয় মহিলাগৰাকীৰ আৰু অকাল মৃত্যুক আঁকোৱালি লোৱা মহিলাগৰাকীৰ নাম হল সুখীয়া দেৱী (৪০)। উল্লেখযোগ্য যে ২০-২৫ জনীয়া এটা হাতীৰ জাকে উক্ত গাওঁখনত পুৱাৰভাগত প্ৰৱেশ কৰিছিল বুলি ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰত্যক্ষদর্শীয়ে। লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালক অতি ক্ষীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে চৰকাৰক। বিপৰীতে বনৰীয়া হাতীৰ তাণ্ডৱ অথবা অত্যাচাৰৰ ক্ষেত্ৰত বন বিভাগে কোনোটো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ খেৰণি বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ।

blank
       
খেৰণিৰ পৰা কনক দেউৰী, ফোন-৮০১১৬৬২২৩৬

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0