খেৰণিঃ ‘বনৰীয়া হাতীয়ে আমাৰ শেষ কৰি পেলালে৷ আমাক শান্তিত থাকিব নিদিয়ে হাতীৰ জাকে৷ ৰাতি হলে আমাৰ লৰা ছোৱালীক লৈ কান থিয় কৰি থাকো কৰবাত চিঞৰ-বাখৰ লাগিল নেকি, হাতীয়ে শব্দ কৰিছে নেকি৷ ভয় লাগে আমাক মাৰি থৈ যাব বুলি৷’ এই মন্তব্য কাৰ্বি আংলং জিলাৰ একাংশ লোকৰ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলৰ একাংশ লোকে এতিয়া চকুলো টুকি দিন পাৰ কৰিছে৷ তেওঁলোকক সুৰক্ষা দিবলৈ কোনো নাই৷
জীৱন আৰু সম্পত্তিৰ ৰক্ষা নোহোৱাকৈ তেওঁলোকে জীয়াই আছে৷ খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বৰ বৰ কথা কোৱা এই খন চৰকাৰৰ দিনতে এতিয়া খিলঞ্জীয়াই চকুলো টুকিব লগা হৈছে৷ সেয়া লাইকা দধিয়াতে হওঁক নতুবা গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্যত বসবাস কৰা মিচিং সকলেই হওক৷ কাৰ্বি আংলঙত কাৰ্বি সকলে হাতীৰ তাণ্ডৱত কান্দিব লগা হৈছে৷ কাৰ্বি আংলঙৰ বহু লোকে এতিয়া জীৱনটো ৰক্ষাৰ কৰাৰ বাবে কয় “হাতীয়ে আমাক শুব নিদিয়ে। প্ৰতিদিনে হাতী আহি আমাক উৎপাত কৰে। আমাৰ ধান খাই, ঘৰ ভাঙে”।