গুৱাহাটীঃ চকিয়াল গাঁৱৰ হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী লৈ অহা কবিজন আৰু নাই। বৃহস্পতিবাৰে পুৱা ১১.৫৫ বজাত শেষ নিশ্বাস ঘটে গোলাপী জামুৰ লগ্নৰ কবি কাব্যঋষি নীলমণি ফুকনৰ। কবিতাৰেই দেশৰ সাহিত্যজগতৰ সৰ্বোচ্চ সন্মান লাভ কৰা নীলমণি ফুকনৰ সহজ-সৰল জীৱনটোৱে কাকনো স্পৰ্শ নকৰে! কাব্যঋষি গুচি যোৱাৰ পৰত সকলোৱে তেওঁৰ জীৱনৰ বহু কথা আকৌ এবাৰ জানিবলৈ আগ্ৰহী হৈ উঠিছে৷
দেশে স্বাধীনতা লাভ কৰা পূৰ্বেই ১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্ম গ্ৰহণ কৰিছিল নীলমণি ফুকনে৷ কৈশোৰৰ পৰাই কবিতাৰ প্ৰেমিক আছিল নীলমনি ফুকন৷ অসমীয়া ভাষাৰ এজন কবি, কলা-সমালোচক, অধ্যাপক, সাহিত্যিক ফুকনে কবিতাৰ জগতখনত প্ৰৱেশ কৰিছিল ১৯৫০ চনতেই৷ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদক বিশেষ মাত্ৰা প্ৰদান কৰা কবিগৰাকীয়েই হৈছে নীলমণি ফুকন। তেওঁৰ সৃষ্টিৰাজিৰ অন্যতম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’, আৰু ‘গোলাপী জামুৰ লগ্ন’।