গুৱাহাটীঃ আজি বিশ্ব নাট্য দিৱসৰ দিনাই অসমৰ নাট্য জগতৰ মহীৰুহ পদ্মশ্ৰী সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ দেহাৱসান ঘটে। নতুন দিল্লীৰ সমীপৰ মেডান্ত দ্য মেডিছিটীত পুৱা ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দুবাৰকৈ অকাডেমী বঁটা লাভ কৰা একমাত্ৰ অসমীয়া সাহিত্যিকগৰাকীয়ে।
একাধাৰে নাট্যকাৰ, ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্য সমালোচক, প্ৰবন্ধকাৰ, অনুবাদক, অভিনেতা, নাট্য সংগঠক অৰুণ শৰ্মাই কালজয়ী সাহিত্যৰে আশীৰ্বাদৰ ৰং ছটিয়াই থৈ গ’ল অসমীয়া সমাজ-সাহিত্যত।