20
Jun
2017

শিৱসাগৰঃ শিক্ষকৰ দৰমহাকে ধৰি বিভিন্ন কাম-কাজৰ বিনিময়ত ঘোচ লৈ অৰাজকতা সৃষ্টি কৰি অহা আৰু এজন চৰকাৰী কৰ্মচাৰী জালত পৰিল৷
অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই আজি শিৱসাগৰৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই ৩ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে ধৰা পেলাই কাৰ্যালয়টোৰ এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।
ধৰণী গগৈ নামৰ এই কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যাপক হাৰত উৎকোচ গ্ৰহণৰ অভিযোগ আছে৷ অৱশ্যে এই দুষ্কাৰ্যৰ সৈতে কাৰ্যালয়টোৰ একাংশ বিষয়াও জড়িত থকাৰ অভিযোগ আছে যদিও তেওঁলোকৰ বিৰুদ্ধে এই পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা নাই তদন্তকাৰীয়ে৷