মঙলদৈঃ উচ্ছেদ, নাগালিম চুক্তি, এনআৰচিয়ে ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে সংঘৰ্ষত নিহত হ’ল আলফাৰ এগৰাকী শীৰ্ষ নেতা৷ পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা সেনা-আৰক্ষীৰ গুলীত নিহত হয়৷

দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়। খবৰ অনুসৰি নিশা টংলাৰ নলবাৰী নামৰ ঠাইত এঘৰ লোকৰ ঘৰত আলফা নেতাগৰাকীয়ে বাহৰ পাতি আছিল৷

বিশেষ সুত্ৰ যোগে উক্ত খবৰ লাভ কৰে সেনা-আৰক্ষীয়ে৷ তাৰ পিছতে সস্তম হৈ পৰে সেনা-আৰক্ষী৷ সেনা আৰক্ষীয়ে মুহূৰ্ততে অঞ্চলটো ঘেৰি লয়৷ ঘেৰি লৈ প্ৰায় দুঘন্টা অভিযান চলাই সেনা-আৰক্ষীয়ে। তাৰ পিছত বহু সময় সংঘৰ্ষ লাগে বুলি জানিব পৰা যায়৷

স্থানীয় লোকেও বহু গুলীৰ শব্দ শুনা পায়৷ ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙৰ নেতৃত্বত চলোৱা এই অভিযানত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয়৷ আৰক্ষীৰ দলৰ লগতে সেনাবাহিনীৰ বৃহৎ দলে গাঁও খনত প্ৰবেস কৰাৰ পিছতে বিপদৰ আগজাননী লাভ কৰিছিল নেতাগৰাকীয়ে। ফলত সেনা-আৰক্ষীৰ বেহুৰ পৰা সাৰি যাবলৈ গুলী চালনা কৰিছিল বুলি জানিব পৰা যায়।

সেনা-আৰক্ষীৰ সৈতে আৰু আলফাৰ নেতা জনে সংঘৰ্ষত লিপ্ত হয়৷ আৰক্ষী আৰু সেনাই নেতাগৰাকীক সংঘৰ্ষত নিহত হোৱা বুলি স্পষ্ট কৰে৷ স্থানীয় একাংশ লোকে ৰাজেন ডেকাই নিজৰ হাতত থকা ৰাইফলেৰে আত্মহত্যা কৰে বুলি হে কব খোজে।

দৰং আৰক্ষীৰ লগতে ওদালগুৰি আৰক্ষীৰ মুৰৰ কামোৰণি হৈ পৰা ৰাজেন ডেকাই দৰং আৰু ওদালগুৰিত আলফাৰ সাংগঠনিক স্থিতি সবল কৰাৰ বাবে কাম কৰি আছিল বুলি জানিব পৰা যায়৷ সেনা-আৰক্ষীয়ে নেতাজনৰ পৰা ৭৪জাই সক্ৰিয় গুলী, তিনিটা মেগজিন, এটা একে ৪৭ ৰাইফল, এটা পিষ্টল, ১২টা মোবাইল কিছু নগদ ধন উদ্ধাৰ কৰে৷