মঙলদৈঃ উচ্ছেদ, নাগালিম চুক্তি, এনআৰচিয়ে ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে সংঘৰ্ষত নিহত হ’ল আলফাৰ এগৰাকী শীৰ্ষ নেতা৷ পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা সেনা-আৰক্ষীৰ গুলীত নিহত হয়৷
দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়। খবৰ অনুসৰি নিশা টংলাৰ নলবাৰী নামৰ ঠাইত এঘৰ লোকৰ ঘৰত আলফা নেতাগৰাকীয়ে বাহৰ পাতি আছিল৷