লংকাঃ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷ কিন্তু সেই সন্তানেই পিছত অৱজ্ঞা কৰে মাতৃক৷ নতুন সংসাৰ লাভ কৰি পাহৰি পেলায় মাকৰ মৰম-ভালপোৱাক৷ কিন্তু সন্তান যিমানেই বেয়া নহলেও এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এলাগী নকৰে। সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ মৰম অতুলনীয়।
অবুজ প্ৰাণী এটিয়েও জানে সন্তানক মৰম কৰিব৷ সন্তানৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধও কৰিব পাৰে৷ বিশ্ব ব্ৰহ্মাণ্ড কতো আশ্ৰয় নাপালেও মাতৃৰ কোলা কিন্তু নিজৰ সন্তানৰ বাবে সদায় সুৰক্ষিত। মাতৃয়ে নিজে ভোকে পিয়াহে থাকি হলেও সন্তানক এমুঠি অন্ন যোগান ধৰে।