আজাৰাঃ ই পি মিডিয়া ফৰাম চাউথ কামৰূপে আজি দিনজোৰা কাৰ্যসুচীৰে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ দক্ষিণ কামৰূপৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ‘অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা’ শীৰ্ষক বিষয়ৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়৷
আলোচনা চক্ৰ খন উদ্বোধন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ ৰমেশ চন্দ্ৰ কলিতাই। ফৰামৰ সভাপতি ৰতন কলিতাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত গুৱাহাটী প্ৰেছ ক্লৱৰ সম্পাদক নৱ ঠাকুৰীয়া, প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা, ডিৱাই-৩৬৫ৰ কাৰ্যবাহী সম্পাদক প্ৰাণজিৎ শইকীয়াই উপস্থিত থাকি শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায়।