66
বালিপৰাঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা গড়মৰা গাঁও পঞ্চায়তৰ গাতে লাগি থকা এখন গাওঁ। সেইখনেই হৈছে ১ নং গড়মৰা গাঁও উক্ত গাওঁখনত প্ৰায় ৪০/৫০ ঘৰ মান মানুহে বসবাস কৰি আহিছে।
গাওঁখনৰ একেবাৰে কাষৰে বৈ গৈছে ভৰলী নৈৰ উপনৈ মানশিৰি নদী। এই মানশিৰি নদীখন খৰালি কালত ঠিকেই ঠাকে কিন্ত যেতিয়া প্ৰকৃতিৰ বুকুলৈ বাৰিষা নামি আহে, তেতিয়াই এই গাওঁখনৰ গাওঁবাসীসকলৰ জীৱনলৈ নামি আহে ঘোৰ অমানিশা।