বাহাকাবাৰীঃ পুনৰ ফাদিল হ’ল ৰাজ্যৰ চৰকাৰী শিক্ষাৰ স্বৰূপ। শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ মান উন্নত কৰা বুলি দাবী কৰি থকাৰ সময়তে অসম শিশু শিক্ষা সমিতিয়ে চলিত বৰ্ষৰ পঞ্চম মান শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ইংৰাজী বিষয়ৰ ছয়মাহিলী পৰীক্ষাৰ প্ৰশ্নকাকতখনে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলক চিন্তিত কৰিছে।
যোৱা সোমবাৰে অসম শিশু শিক্ষা সমিতিৰ কামপুৰ সংকুলৰ বিদ্যালয়সমূহত এনে বিসংগতি পূৰ্ণ প্ৰশ্নকাকতৰেই পৰীক্ষা অনুষ্ঠিত হয়। কাকতখনৰ প্ৰশ্ন নং ৪ ৰ পৰা ৯ লৈ বিসংগতি পূৰ্ণ। প্ৰশ্ন কাকতত ৪, ৫, ৮ আৰু ৯ নং প্ৰশ্নত দুবাৰকৈ পৃথক প্ৰশ্ন ছপা হৈ আহিছে।