গুৱাহাটীঃ অসমীয়া সমাজ জীৱনৰ গোষ্ঠীদ্বন্দ, সাম্প্ৰদায়িকতাবাদ আদিয়ে অস্থিৰ কৰি তোলাৰ সময়তে অসমৰ নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যোৱাটো বছৰত “চাওলুং ছ্যু-কা-ফা শৈক্ষিক আৰু সামাজিক ন্যাস” গঠন হয়৷ চাওলুং ছ্যু-কা-ফাৰ প্ৰগতিশীল সমন্বয়ৰ আদৰ্শত গঠিত হৈছিল এই ন্যাস৷
এইবেলি ন্যাসৰ উদ্যোগত “সদৌ অসম ভিত্তিত” মাধ্যমিক পৰ্যায়(ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ)ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অসমীয়া ভাষাত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ “অসমীয়া জাতি গঠনত চাওলুং ছ্যু-কা-ফাৰ অৱদান” শীৰ্ষক বিষয়বস্তু সন্দৰ্ভতপ্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷