কোকৰাঝাৰঃ বড়োলেণ্ড  বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি কালি গণপ্ৰহাৰৰ সন্মুখীন হোৱা ঘোঁৰাপাৰাৰ আনোৱাৰ হুছেইন(২৫) নামৰ নষ্ট চৰিত্ৰৰ যুৱকজন নিয়মীয়া অটোচালক নহয় বুলি আজি স্পষ্ট কৰি দিছে নৰ্থ কোকৰাঝাৰ অটো এচোচিয়েচনৰ সভাপতি ব্ৰীকেন ব্ৰহ্ম আৰু সম্পাদক অশোক বসুমতাৰীয়ে।

এক প্ৰেছ বিবৃতিত নৰ্থ কোকৰাঝাৰ অটো এচোচিয়েশ্য়নৰ সভাপতি ব্ৰীকেন ব্ৰহ্ম আৰু সম্পাদক অশোক বসুমতাৰীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক অশালীন ব্যৱহাৰ কৰা আনোৱাৰ হুছেইন প্ৰকৃততে যাত্ৰী হিচাপেহে আছিল বুলি  মত প্ৰকাশ কৰি  অটোচালকক সমাজত হেয় বুলি প্ৰতিপন্ন কৰিবলৈকে কোনোবা দুষ্ট চক্ৰই ভুল তথ্য যোগান ধৰা বুলি মত প্ৰকাশ কৰে। 

ইপিনে কালি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰা আনোৱাৰ হুছেইনক আজি কোকৰাঝাৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্ত আনোৱাৰ হুছেইনক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে।