ডিজিটেল ডেস্কঃ উদণ্ড ছাত্ৰ। বুজালেও নুবুজে। লগৰীয়া ছোৱালীক জোকাবলৈ বুলিহে যেন সিহঁত স্কুললৈ আহে। যিমানেই বুজনি দিয়া হয় সিমানে বাঢ়ে উৎপাত। স্কুলৰ ডেস্ক-বেন্সৰ পৰা আৰম্ভ কৰি সকলোতে কেৱল লগৰীয়া ছাত্ৰীৰ নাম উল্লেখ কৰি আই লাভ ইউ বুলি লিখাই কাম অধিকাংশ ছাত্ৰৰ।
স্কুললৈ আহোতে জোকাই, স্কুলৰ পৰা যাওতে জোকাই। কেতিয়াবা আকৌ ছাত্ৰীবোৰক দেখুৱাই শ্ৰেণীকোঠাতে অশ্লীল ভিডিঅ’ উপভোগ কৰে। মুঠৰ ওপৰত একে বিদ্যালয়ৰ চিনাকি ছাত্ৰৰ ইভটিজিঙত অতিষ্ঠ হৈ পৰিবলৈ বাধ্য হৈ পৰে ছাত্ৰীসকল।