ডিফুঃ বহু বিতৰ্কিত নাগালিম চুক্তিত অসমৰ বহু কেইখন জিলাৰ ভূমি অন্তৰ্ভূক্তি কৰণৰ সম্ভাৱনাক লৈ ৰাজ্যৰ পৰিস্থিতি অগ্নিগৰ্ভা হৈ থকাৰ সময়তে সোমবাৰে কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ নগাৰ অবৈধ বেদখল উচ্ছেদ কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷
অসম-নাগালেণ্ড সীমামূৰীয়া জিলা কাৰ্বি আংলঙৰ ভূমিত নগাই দীৰ্ঘ দিনৰ পৰা বেদখল চলাই আহিছে৷ পূৰ্বেও ধনশিৰি বনাঞ্চলত নগাৰ অবৈধ বেদখল উচ্ছেদ চলাবলৈ গৈ জিলা খনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশে নগাৰ গুলীত প্ৰাণ আহুতি দিব লগীয়া হৈছিল৷ ইয়াৰ পিছতো সীমান্তৰ অঞ্চলটোত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছিল ৰাইজ। নগাই আগ্ৰাসন চলাই লাহৰিজান প্ৰস্তাৱিত বনাঞ্চলৰ এলেকা ক্ৰমে হাজংপুৰ আৰু ক্ৰামছা মডেল ভিলেজত অবৈধ ভাবে প্ৰায় ১৬০ টা গৃহ নিৰ্মাণ কৰাৰ লগতে অসমৰ ভূমিতে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছিল৷