নলবাৰীঃ শনিবাৰে নলবাৰী জিলা প্ৰশাসনে নলবাৰী চহৰত উচ্ছেদ অভিযান চলাই৷ চহৰ খনৰ সদা ব্যস্ত পি এন চি ৰোড, এন টি ৰোড আৰু বৰুৱা ৰোডত অবৈধভাৱে বেদখল কৰি ঘৰ সাজি ব্যৱসায় প্ৰতিষ্ঠান চলাই থকা কেইবা খোনা ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ কৰে প্ৰশাসনে৷

প্ৰশাসন আৰু নলবাৰী পৌৰসভাই দীৰ্ঘদিনৰ পৰাই বেদখলকাৰীক দোকান সমূহ আঁতৰাই নিবৰ বাবে কৈ অহাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল ব্যৱসায়ীসকলে। যাৰ ফলত  নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসৰ নিৰ্দেশত অতিৰিক্ত উপায়ুক্ত তথা দণ্ডাধীশ উদয়াদিত্য গগৈ, নলবাৰী ৰাজহ চক্ৰ বিষয়া জিতু বৰ্মনৰ উপস্থিতিত নলবাৰী আৰক্ষীয়ে চহৰখনৰ বহু সংখ্যক বেদখলকৃত ব্যৱসায় প্ৰতিষ্ঠান উচ্ছেদ কৰে।