ডিজিটেল ডেস্কঃ যোৱা লোকসভা নিৰ্বাচন আৰু কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছৰে পৰা দেশৰ কেইবাটাও দলে ইভিএম টেম্পাৰিং কৰা বুলি অভিযোগ উত্থাপন কৰে৷ ইয়াৰ মাজতে দেশৰ শীৰ্ষ আদালতে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰক৷

 ভোটদান প্ৰক্ৰিয়াত ব্যৱহৃত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বিসংগতিৰ বিষয়টো সমগ্ৰ দেশতে চৰ্চিত হৈ আহিছিল৷ ভোটিং মেচিনত থকা আঁসোৱাহসমূহ আঁতৰ কৰিবৰ বাবে সময়ে সময়ে দেশৰ ৰাজনৈতিক নেতা-সদস্যই নিৰ্বাচন আয়োগ, উচ্চতম ন্যায়ালয়ৰ ওচৰত দাবী উত্থাপন কৰিছিল৷ বিচাৰ-বিবেচনাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই বিষয়টোত সন্মতি প্ৰদান কৰি আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান প্ৰক্ৰিয়াকটোক শুদ্ধ ৰূপত পৰিচালিত কৰিবৰ বাবে ভোটিং মেচিনৰ লগতে ভিভিপিটি মেচিনো সংযুক্ত কৰা হ’ব বুলি ঘোষণা কৰে৷

উল্লেখ্য যে, প্ৰত্যেকটো ভোটকেন্দ্ৰতে ভোটিং মেচিনৰ লগত সংযুক্ত কৰিব লগা এই ভিভিপিটি মেচিন সমূহে ইভিএমত ভোটদান কৰাৰ পাছত কোনটো দলত ভোটাৰজনৰ ভোট বন্দী হৈছে তাক জানিবলৈ দিব৷ ভিভিপিটি মেচিনৰ যোগে ওলোৱা কাগজৰ টুকুৰা সমূহক বাকচত সুৰক্ষিতভাৱে ৰখা হ’ব যাতে বিৰোধ পৰিস্থিতিৰ সৃষ্টি হ’লে বিকল্প হিচাপে কাগজৰ টুকুৰাৰ জৰিয়তে পুনৰ ভোটগণনা কৰিব পৰা যায়৷

বিগত নিৰ্বাচনসমূহত ভোটদাতাসকলে মন পছন্দৰ দলতে মেচিনৰ বুটন দবোৱাৰ পাছত ভোট দললৈ গৈছে নে নাই তাক জানিব নোৱাৰে৷ ইয়াৰ লগতে ইভিএমৰ ভোটগণনাত খেলিমেলি হ’লেও দ্বিতীয়বাৰৰ বাবে গণনা কৰিবলৈ কোনো বিকল্প নাথাকে৷ কিয়নো ইভিএমত বন্দী হোৱা ভোটৰ সংখ্যাসমূহহে গণনা কৰা হয়৷ এই ভোটগণনাৰ ক্ষেত্ৰত হোৱা আঁসোৱাহ সমূহ দূৰ কৰিবৰ বাবেই ভিভিপিটি মেচিন সংযোগৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে৷

নিৰ্বাচন আয়োগে জানিবলৈ দিয়া মতে, আগন্তুক বিধানসভাৰ বাবে ১৩.৯৫ লাখ বেলট ইউনিট, ৯.৩ লাখ কণ্ট্ৰোল ইউনিট আৰু ১৬.১৫ লাখ ভিভিপিটি মেচিন ক্ৰয় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ভিভিপিটি মেচিন সমূহ যোগান ধৰিব ভাৰত ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰনিক্স কৰ্পৰেশ্বন অফ ইণ্ডিয়াই৷ আইন মন্ত্ৰণালয়ে সংসদত উত্থাপন কৰা এই বিষয়টো নিৰ্বাচন আয়োগৰ যোগেদি ইয়াৰ সূচনা জাৰি হৈছে বুলি জানিব পৰা যায়৷

উল্লেখ্য যে, তদানীন্তন বিজেপিৰ সাংসদ সুব্ৰমণিয়াম স্বামীয়ে ২০০৯ চনত ইভিএমৰ সৈতে ভিভিপিটি মেচিন সংযোগ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত লিখিত আবেদন দাখিল কৰিছিল৷ কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে স্বামীৰ আবেদন খাৰিজ কৰাত তেওঁ পুনৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰে৷ ২০১৩ চনত উচ্চতম তদানীন্তন ন্যায়ালয়ৰ ন্যায়াধীশ সদাশিৱমৰ আদালতে সুব্ৰমণিয়াম স্বামীয়ে দাখিল কৰা আবেদনক শুদ্ধ বুলি ঘোষণা কৰিছিল৷

ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ কথা লিখিতভাৱে জনায় যে, কাগজৰ টুকুৰা স্বতন্ত্ৰ আৰি নিৰপেক্ষ নিৰ্বাচনৰ বাবে অতি গ্ৰহণীয় বস্তু৷ ইয়াৰ প্ৰতি আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ৷ ইভিএমৰ জৰিয়তে হৈ অহা ভোটদান প্ৰক্ৰিয়াক ভোটদাতাসকলে তেতিয়াহে বিশ্বাসত ল’ব পাৰিব, যেতিয়া কাগজৰ টুকুৰা ভোটদান প্ৰক্ৰিয়াত উপলব্ধ হ’ব৷ ন্যায়ালয়ে লোৱা সিদ্ধান্তৰ কথা লিখিতভাৱে জনায় যে, কাগজৰ টুকুৰা স্বতন্ত্ৰ আৰি নিৰপেক্ষ নিৰ্বাচনৰ বাবে অতি গ্ৰহণীয় বস্তু৷ ইয়াৰ প্ৰতি আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ৷ ইভিএমৰ জৰিয়তে হৈ অহা ভোটদান প্ৰক্ৰিয়াক ভোটদাতাসকলে তেতিয়াহে বিশ্বাসত ল’ব পাৰিব, যেতিয়া কাগজৰ টুকুৰা ভোটদান প্ৰক্ৰিয়াত উপলব্ধ হ’ব৷ ইভিএমৰ সৈতে জড়িত কৰিব লগা ভিভিপিটি মেচিনৰ ক্ষেত্ৰত কোনো বিসংগতি নাথাকিব৷ ইয়াৰ বিশুদ্ধতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে৷

ভোটগণনাৰ ক্ষেত্ৰত হোৱা জনসাধাৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহ দূৰ কৰাৰ কাৰণে এই নতুন ব্যৱস্থা ফলপ্ৰসূ হ’ব৷ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক ভিবিপিটি মেচিন সংযোগৰ কাম ক্ৰমবৰ্দ্ধমান ৰূপত কৰিবৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই ব্যৱস্থাৰ বাবে আৱশ্যকীয় ধন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ এক ভিভিপিটি মেচিনৰ মূল্য কমেও ২০,০০০টকা৷ গণতন্ত্ৰৰ ভোটদান প্ৰক্ৰিয়াটোৰ ওপৰত ভোটদাতাৰ বিশ্বাসযোগ্যতাক বাহাল ৰখাৰ বাবে এই মূল্য তেনেই সাধাৰণ বুলি মতপোষণ কৰে উচ্চতম ন্যায়ালয়ে৷

উল্লেখ্য যে, কেইবা দশকৰ পৰাই ভোটদানৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক্স ভোটিং মেচিন ব্যৱহৃত হৈ আহিছে৷ কিন্তু বিশ্বৰ সৰহসংখ্যক গণতান্ত্ৰিক দেশেই বৰ্তমানেও নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰে৷ এই দেশসমূহৰ ভিতৰত ব্ৰিটেইন, আমেৰিকা আৰু ফ্ৰান্সেই বেলট পেপাৰ ব্যৱহাৰ কৰে৷ বৰ্তমান সময়ত ভাৰতৰ উপৰিও নামিবিয়া, আৰ্মেনিয়া, ভূটানস অষ্ট্ৰেলিয়া, বুলগেৰিয়া, এষ্টনিয়া,ছুইজাৰলেণ্ড, ইটালী, কানাডা, মেক্সিকো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু ভেনিজুৱেলাতহে ইলেক্ট্ৰনিক্স ভোটিং মেচিনৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ আহিছে৷

এই দেশ সমূহৰ ভিতৰত কিছুৱে নিকায়-নিগমৰ নিৰ্বাচনতো ভোটিং মেচিন ব্যৱহাৰ কৰে৷ উল্লেখনীয় এয়ে যে, ভোটিং মেচিন আৱিষ্কাৰ হোৱা দেশতেই নিৰ্বাচনত ভোটিং মেচিনৰ ব্যৱহাৰ নকৰে৷ ইয়াৰ বিপৰীতে ভাৰতত ২০০৪ চনৰ পৰা সকলো লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনতে ইভিএমৰ ব্যৱহাৰ কৰি অহা হৈছে আৰু কৰি যোৱা হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে৷