59
বৰপেটাঃ বৰপেটাৰ আবৰ্ত ভৱনত স্থাপিত ই ভি এম চেলত মঙলবাৰে ধন লুটৰ ঘটনা সংঘটিত হয়৷ দুৰ্বৃত্তই নিৰ্বাচনী কৰ্তব্যত নিয়োজিত চৰকাৰী কৰ্মচাৰীৰ ধন লুট কৰি নিয়ে৷
নগদ ৫৪ হেজাৰ টকাৰে ভৰ্তি মোনা লৈ দুই দুবৰ্বৃত্তই উধাতু খাই ঘটনাস্থলীৰ পলায়ন কৰে৷ আনহাতে, ভুক্তভোগীয়ে নিৰ্বাচনী প্ৰশিক্ষণত অংশ লৈ থকাৰ সময়তে এই ধন-লুটৰ ঘটনা সংঘটিত হয়৷