মৰিগাওঁঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হব লগীয়া নগাওঁ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা ডাঃ ৰবি কুমাৰ মুৰপুৰে আজি মৰিগাঁৱত উপস্থিত হৈ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সকলো বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে।
নিৰ্বাচনী পৰ্যবেক্ষক ডাঃ ৰবি কুমাৰ মুৰপুৰে মৰিগাঁও মহাবিদ্যালয় আৰু শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুম,ই ভি এম কোষ,খাদ্যস্থলী, নিৰাপত্তা ব্যৱস্থাকে আদি কৰি জিলা প্ৰশাসনে স্থাপন কৰা বিভিন্ন কোষ সমূহ পৰিদৰ্শন কৰি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।