গুৱাহাটীঃ বিশিষ্ট মহিলা সমাজকৰ্মী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ পত্নী লাৱণ্যপ্ৰভা সিংহৰ বৃহস্পতিবাৰে মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। মহানগৰীৰ বেলতলা লক্ষ্মী মন্দিৰৰ নিজ গৃহত মৃত্যুবৰণ কৰে লাৱণ্য প্ৰভাই৷ বিগত কেবা বছৰো ধৰি শয্যাগত হৈ আছিল তেওঁ৷
তিনি সন্তানৰ মাতৃ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পত্নী লাৱণ্য প্ৰভাৰ চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত পৰিছিল পৰিয়ালটো৷ কেবাটাও ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আহিছিল লাৱণ্য প্ৰভাই৷ ইয়াৰ মাজতে যোৱা ২৭ আগষ্টত এগৰাকী পুত্ৰ জয়ন্ত সিংহৰো মৃত্যু হৈছিল।