ডিফুঃ কাৰ্বি আংলং জিলাৰ মাঞ্জাত যোৱা নিশা সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই কুকি ৰিভল্যুশ্যনাৰী আৰ্মীৰ প্ৰাক্তন কেডাৰক আটক কৰে। ধৃত কেডাৰজন হৈছে লামথাং হাউচিউ। সেনা আৰু আৰক্ষীয়ে হাউচিউৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে।
প্ৰাপ্ত বাতৰি মতে, এক গোপন সূত্ৰৰ পম খেদি সেনাৰ ১২ নং গাৰোৱান ৰেজিমেণ্ট আৰু মাঞ্জা আৰক্ষীৰ উপ-পৰিদৰ্শক প্ৰদ্যুৎ কুমাৰ দত্তৰ নেতৃত্বত অভিযান চলোৱা হয়। মাঞ্জা থানাৰ অন্তৰ্গত জলিয়ান গাঁৱত নিশা ৮ বজাৰ পৰা আজি পুৱা ১১ বজালৈ যুটীয়া অভিযান চলাই দলটোৱে।