newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ বৃহত্তৰ চাবুৱা আঞ্চলত অবৈধ চুলাই আৰু লালিগুড়ৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ যুৱ প্ৰজন্মক ধ্বংস কৰা এই বৰবিহ বন্ধ কৰাৰ বাবে দল-সংগঠন সমূহে দাবী জনাই অহাৰ পিছতেই আৰক্ষী-প্ৰশাসনে এই অভিযোগক গুৰুত্ব আৰোপ নকৰাৰ ক্ষোভ প্ৰকাশ কৰে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে।
চাবুৱা অঞ্চলত কোনো অবৈধ ব্যৱসায় চলিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে বৰ্তমান সময়ত চাবুৱা সমষ্টিত আমি দেখিছোঁ যে লালিগুড়ৰ ব্যৱসায় দিনক দিনে বৃদ্ধি হৈছে। যিবিলাক চৰকাৰী মহল আছিল সেই চৰকাৰী মহল বিলাক বন্ধ হৈ যোৱাৰ ফলত গাওঁ সমূহত চুলাই মদৰ ঘাটি বিলাক গঢ় লৈ উঠিছে।