মোৰাঝাৰঃ ভাৰতীয় ষ্টেট বেংকৰ হোজাই জিলাৰ মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত কোটি টকীয়া কৃষি ঋণ কেলেংকাৰীত জড়িত পঞ্চমজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ কৰা লোকজন বেংকৰ প্ৰাক্তন ঋণ বিষয়া প্ৰদীপ কুমাৰ মিথি৷
উল্লেখ্য যে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ মোৰাঝাৰ ষ্টেট বেংকত কাৰ্যনিৰ্বাহ কৰিছিল বিষয়াজনে৷ কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে বেংকৰ শাখা প্ৰৱন্ধক আৰু একাংশ দালালৰ সৈতে মিলি কোটি টকাৰ কৃষি ঋণ কেলেংকাৰী সংঘটিত কৰিছিল৷ এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত মোৰাঝাৰ থানাত কেবাটাও গোচৰ ৰুজু হৈছে৷