বাইহাটা চাৰিআলিঃ সশস্ত্ৰ পন্থা পৰিহাৰ কৰি পুনৰ স্বাভাৱিক জীৱন যাপন আৰম্ভ কৰা আলফাৰ প্ৰাক্তন সদস্যসকলৰ সংস্থাপনৰ বাবে উথাপন কৰা দাবীসমূহ কাৰ্যকৰী নকৰিলে ৰাজ্য জুৰি গঢ়ি তোলা হ’ব তীব্ৰ আন্দোলন। এই হুংকাৰ প্ৰদান কৰিছে প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ কামৰূপ জিলাৰ বিহদিয়া আঞ্চলিক সমিতিয়ে।
দেওবাৰে কৰৰাৰ শংকৰ মাধৱ বহুমুখী বিদ্যা মন্দিৰত অনুষ্ঠিত প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ কামৰূপ জিলাৰ বিহদিয়া আঞ্চলিক সমিতিৰ সাধাৰণ সভাৰ অন্তত সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৱে এই হুংকাৰ প্ৰদান কৰে।