67
কোকৰাঝাৰঃ নগাঁও জিলাৰ প্ৰাক্তন আলফা মুন বৰাক ষড়যন্ত্ৰৰে বলিৰ পঠা সজোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কোকৰাঝাৰ জিলা সমিতিয়ে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কোকৰাঝাৰ জিলা প্ৰাক্তন আলফা ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ ৰায়ে নগাঁওৰ উক্ত ব্যৱসায়ী গৰাকীক বিদেশী বুলি আখ্যা দি ব্যৱসায়ী গৰাকীৰ চক্ৰান্তক কঠোৰ ভাষাৰে গৰিহণা দিছে।