গোলকগঞ্জঃ “ঐ, তোৰ তলত কি আছে দে৷” পৰীক্ষা হ’লত এগৰাকী শিক্ষকে প্ৰথম গৰাকী পৰীক্ষাৰ্থীক তোৰ লগত কি আছে দে’ বুলি কৈ এখন কিতাপ উলিযায় নিয়ে৷ তোৰ তাঁত কি আছে দে’ বুলি কোৱাৰ লগে লগে দ্বিতীয়গৰাকী পৰীক্ষাৰ্থীয়েও শিক্ষকগৰাকীক এখন কিতাপ উলিযায় দিলে৷
আপুনি ভাবিব পাৰে যে এয়া বিহাৰৰ কোনো পৰীক্ষা হ’লৰ দৃশ্য চাগে৷ তেন্তে আপুনি ভূল ভাবিছে৷ এই দৃশ্য অসমৰ, ধুবুৰী জিলাৰ৷ ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিৰাট নগৰ চাৰিআলিস্থিত জুনিয়ৰ কলেজ কেন্দ্ৰত অনুষ্ঠিত হোৱা সংস্কৃত টোলৰ পৰীক্ষাত কেমেৰাৰ সন্মুখতে এনেদৰে নকল কৰি ধৰা পৰিল পৰীক্ষাৰ্থী৷