নগাঁওঃ ৰাজ্যৰ কেইবা খনো জিলাৰ প্ৰশাসনে উচ্চস্তৰত মাইক বজোৱাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে৷ কিয়নো সম্প্ৰতি ৰাজ্যত ছাত্ৰ-ছাত্ৰীয়ে ব্যস্ত হৈ পৰিছে পৰীক্ষাৰ বাবে৷ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত বহিবৰ বাবে ব্যস্ত চহৰ-গাঁৱৰ ছাত্ৰ-ছাত্ৰী৷ এতিয়া যেন ৰাজ্যত পৰীক্ষাৰ বতৰ৷ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা তথা ২৩ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব৷ তদুপৰি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক পৰ্যায়ৰ বিভিন্ন স্তৰৰ পৰীক্ষাসমূহ৷

কাজেই, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাকেন্দ্ৰীক অপৰিসীম ব্যস্ততা৷ প্ৰকৃততে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ স্তৰৰ সমূহ পৰীক্ষা সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীয়ে৷ তাৰ ফলত এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহনৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷

সেয়ে পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷ কোৱা বাহুল্য মাথোন, সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ কাৰণে খুব মনোযোগেৰে অধ্যয়ণ কৰি নিজকে সাজু কৰাৰ লগতে প্ৰস্তুতি অব্যাহত ৰাখিছে যদিও নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ একাংশ পৰীক্ষাৰ্থীয়ে নানা সমস্যাৰ মাজত ককবকাই থাকি পৰীক্ষাক লৈ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে৷

বিদ্যুতৰ লুকাভাকুৰ সমান্তৰালকৈ জিলাখনৰ গ্ৰামাঞ্চলত ঠায়ে ঠায়ে বিগত এপষেক মানৰ পৰা অখণ্ড ভাগৱত পাঠ আৰু নাম-কীৰ্তন আদি অনুষ্ঠিত কৰি অহাটোৱে পৰীক্ষাৰ্থীসকলৰ অধ্যয়ণত বিৰূপ প্ৰভাৱ পেলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে৷ কিয়নো, দিনে-নিশাই অবিৰতভাৱে মাইকত উচ্চস্তৰত ধ্বনিত হৈ থকা ভাগৱত পাঠ আৰু নাম-কীৰ্তনৰ সুৰে এক হুলস্থুুলীয়া পৰিবেশৰ সৃষ্টিৰে পৰীক্ষাৰ্থীসকলৰ পঢ়া-শুনাত স্বাভাবিকতেই ব্যাঘাট জন্মাইছে৷

প্ৰকৃততে ভাগৱত পাঠ আৰু নাম-কীৰ্তন অনুষ্ঠিত কৰাত বাধা নাই যদিও পৰীক্ষাৰ্থীসকলৰ অধ্যয়ণৰ প্ৰতি গুৰুত্ব দি মাইক নবজাই সম্পূৰ্ণ শান্তিময় পৰিবেশৰ মাজেৰে ধৰ্মীয় পৰম্পৰা অটুট ৰাখি এনে ধৰ্মীয় কাৰ্যসূচী ৰূপায়ণ কৰিলে পৰীক্ষাৰ্থীসকলে তেনে সমস্যাত পৰিবলগা নহয় বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে৷ নাম প্ৰকাশত অনিচ্ছুক একাংশ লোকে মাইক ব্যৱহাৰ নকৰাকৈ ভাগৱত পাঠ আৰু নাম-কীৰ্তন কৰাৰ আহ্বান জনায়৷