নগাঁওঃ ৰাজ্যৰ কেইবা খনো জিলাৰ প্ৰশাসনে উচ্চস্তৰত মাইক বজোৱাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে৷ কিয়নো সম্প্ৰতি ৰাজ্যত ছাত্ৰ-ছাত্ৰীয়ে ব্যস্ত হৈ পৰিছে পৰীক্ষাৰ বাবে৷ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত বহিবৰ বাবে ব্যস্ত চহৰ-গাঁৱৰ ছাত্ৰ-ছাত্ৰী৷ এতিয়া যেন ৰাজ্যত পৰীক্ষাৰ বতৰ৷ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা তথা ২৩ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ হ’ব৷ তদুপৰি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক পৰ্যায়ৰ বিভিন্ন স্তৰৰ পৰীক্ষাসমূহ৷
কাজেই, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাকেন্দ্ৰীক অপৰিসীম ব্যস্ততা৷ প্ৰকৃততে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ স্তৰৰ সমূহ পৰীক্ষা সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীয়ে৷ তাৰ ফলত এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহনৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷