হেমন্ত কলিতা, নলবাৰীঃ নলবাৰীৰ বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাম্য ঠিকাদাৰ সন্থাই৷ ই-নিবিদা কৰি থলুৱা গ্ৰাম্য ঠিকাদাৰক প্ৰৱঞ্চনা কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাম্য ঠিকাদাৰ সন্থাই৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডৰ মুখ্য গেটত তলা লগাই দিয়ে প্ৰতিবাদকাৰী সকলে।
নলবাৰীৰ বেলশৰত ১৯৮৭ চনত মুকলি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডত বিগত সময়ত নলবাৰী জিলাৰ গ্ৰাম্য ঠিকাদাৰ সকলে ঠিকা কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল কিন্তু শেহতীয়াভাৱে এই গ্ৰাম্য ঠিকাদাৰ সকলক প্ৰৱঞ্চনা কৰি ই-নিবিদাৰ জৰিয়তে বিভাগটোৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী সকলে গোপন বুজাবুজিৰ জৰিয়তে বৃহৎ পুঁজিপতি ঠিকাদাৰ গোষ্ঠীক ঠিকাৰ কাম আবন্টন দিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগত মঙলবাৰে গ্ৰাম্য ঠিকাদাৰ সকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডৰ মুখ্য গেটত তলা লগাই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷
প্ৰতিবাদীকাৰী সকলে ই-নিবিদা বাতিল কৰি গ্ৰাম্য ঠিকাদাৰ সকলক ঠিকাৰ আবন্টন দিবলৈ দাবী জনায়৷ এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ হস্তক্ষেপ কামনা কৰে প্ৰতিবাদকাৰী সকলে৷ এসময়ৰ নলবাৰী জিলাৰ আলফাৰ বহু সদস্যই মূল সুঁতিলৈ আহি সৰু-সুৰা ঠিকা কৰি পৰিয়াল চলাই আহিছিল যদিও ই-নিবিদাৰ জৰিয়তে গ্ৰাম্য ঠিকাদাৰ সকলক প্ৰৱঞ্চনা কৰিব বিচৰাত পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিয়ে একাংশই৷ উল্লেখ্য যে, শেহতীয়াভাৱে অহা ২২ কোটি টকাৰ ঠিকাৰ কামত ই-নিবিদাৰ জৰিয়তে গ্ৰাম্য ঠিকাদাৰ সকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ ঠিকাদাৰ সন্থাৰ।