নগাঁও/ধিংঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আপুৰুগীয়া সম্পদ প্ৰদৰ্শন কৰা হ’ব নগাঁৱৰ ৰাইদঙীয়াত৷ কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ নাতি দুৰৰ ৰাইদঙীয়াৰ শ্ৰীশ্ৰী ন-সত্ৰ শলগুৰি সত্ৰত যুগ যুগ ধৰি সংৰক্ষিত হৈ আছে গুৰুজনাৰ বহু আপুৰুগীয়া সম্পদ৷
গুৰুজনাই ব্যৱহাৰ কৰা খৰম, নিজ হাতেৰে লিখা সাঁচিপতীয়া পুথি, বিভিন্ন ঠাইত তীৰ্থ ভ্ৰমণ কৰি উভতি আহোতে লগত অনা সাগৰ বস্তুৰ লগতে কলিয়া গোঁসাই আৰু বংশীবাদন গোঁসাইৰ আটকধুনীয়া মূৰ্তি, চৰণ পাদুকা, পদশিলা আদি প্ৰদৰ্শন কৰা হ’ব ৰাইদঙীয়াৰ শ্ৰীশ্ৰী ন-সত্ৰ শলগুৰি সত্ৰত ৷