নতুন দিল্লীঃ এগজিট প’লৰ ফলাফলৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বৰ্খাস্ত কৰিলে এজন মন্ত্ৰীক৷ আদিত্যনাথৰ মন্ত্ৰীসভাৰ ওম প্ৰকাশ ৰাজভৰে পূৰ্বে দাখিল কৰি থোৱা পদত্যাগ-পত্ৰ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়কক গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীজনে পৰামৰ্শ আগবঢ়ায়৷
৩০০ খনৰো অধিক আসন পোৱাৰ সম্ভাৱনা আছে বুলি এগজিট প’লৰ ফলাফলে প্ৰকাশ কৰাৰ পাছতেই আদিত্যনাথে এই কাম কৰে৷ দৰাচলতে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজভৰে বিজেপি তথা আদিত্যনাথক কেন্দ্ৰ কৰি কঠোৰ সমালোচনা কৰিছিল৷ লগতে মায়াৱতী আৰু অখিলেশৰ মিত্ৰজোঁটে মিলি উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব বুলি ৰাজভৰে কৈছিল৷