নতুন দিল্লীঃ ১৯ মে’ত সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্তিম পৰ্যায় সমাপ্ত হোৱাৰ লগে লগে দেশৰ বৈদ্যুতিন সংবাদ মাধ্যমসমূহে নিজা নিজা এগজিট প’ল সম্প্ৰচাৰ কৰিছে৷ 

সকলোবোৰ সংবাদ মাধ্যমৰ এগজিট প’লত প্ৰকাশ পোৱা মতে পৰৱৰ্তী চৰকাৰ অতি সহজে বিজেপি নেতৃত্বাধীন এনডিএই গঠন কৰিব৷

এই ফলাফলত উৎফুল্লিত হৈ পৰিছে গেৰুৱা বাহিনী৷ তেওঁলোকে এই ফলাফলত এনডিএই ৩০০ তকৈও অধিক আসনত জয়লাভ কৰিব বুলি প্ৰকাশ কৰিছে৷ নিউজ ২৪-চাণ্যকই ৩৫০ খন আসন, আজটক/ইণ্ডিয়া টুডে-এক্সিছে ৩৩৯ ৰপৰা ৩৬৫ খন আসন, নিউজ১৮-আইপিএছঅ এছে ৩৩৬ খন আসন, টাইমছ নাও-ভিএমআৰে ৩০৬ খন আসন, ৰিপাব্লিক-জন কি বাতে ৩১৫ খন আসন আৰু ইণ্ডিয়া টিভি-চিএনএক্সে এনডিএক ৩০০ খন আসন দিছে৷ ইয়াৰ বিপৰীতে ইপিএক ১০০ ৰপৰা ১৩০ খন আসনৰ ভিতৰতে সন্তুষ্ট হ’ব লাগিব বুলি এগজিট প’লে ভৱিষ্যদ্বাণী কৰিছে৷ 

ইফালে, নিউজ এক্স/ইণ্ডিয়া নিউজ-প’ল ষ্ট্ৰাটাই এনডিএক ২৪২ খন আৰু ইউপিএক ১৬৫ খন আসন দিছে৷ 

এই এগজিট প’লৰ ফলাফলত উৎফুল্লিত হৈ বিজেপিৰ সভাপতিক অমিত শ্বাহে মঙলবাৰে এনডিএৰ অংশীদাৰসকলৰ বাবে এখন ভোজ মেলৰ আয়োজন কৰিছে৷ কেন্দ্ৰীয় কেবিনেটেও মঙলবাৰে মিলিত হোৱাৰ সম্ভাৱনা আছে৷  

উল্লখ্য যে নিৰ্বাচন আয়োগে ২০১২-১৩ চনতে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটাৰ সকলৰ নাম ঠিকনা অবিহনে লোৱা এগজিট প’লৰ বাবে নমুনা সংগ্ৰহৰ প্ৰথা নিষিদ্ধ কৰিছিল৷ ইয়াৰ পাছতেই বৈদ্যুতিন মাধ্যমসমূহে ভোটাধিকাৰ সাব্যস্ত কৰি অহা লোকসকলক মৌখিকভাৱে ‘কাক ভোট দিলে’ প্ৰশ্ন কৰি নমুনা সংগ্ৰহ কৰিবলৈ লয়৷ এই পদ্ধতিৰে সংগ্ৰহ কৰা নমুনাৰপৰা পোৱা ফলাফল শুদ্ধ বা ভুল হোৱাৰ কোনো নিশ্চয়তা নাথাকে৷ তৎস্বত্ত্বেও এগজিট প’লৰ ফলাফলসমূহ অতি আগ্ৰহেৰে সকলোৱে জানিবলৈ ইচ্ছা কৰে৷

কালি প্ৰকাশ পোৱা এগজিট প’লৰ সন্দৰ্ভত বিজেপিয়ে ইয়াক নৰেন্দ্ৰ মোডীৰ সফলতা বুলি মন্তব্য কৰে৷ অৱশ্যে বিৰোধীয়ে এই এগজিট প’লৰ ফলাফলক নসাৎ কৰি অহা ২৩ মে’ত প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি মন্তব্য কৰে৷

কংগ্ৰেছ শশী থাৰুৰে অষ্ট্ৰেলিয়াত এগজিট প’লৰ ফলাফলৰ এখন সম্পূৰ্ণ বিপৰীত ছবি প্ৰকৃত ফলাফলক দেখা পোৱাৰ উদাহৰণ দাঙি ধৰি কয় যে এক্সিট প’লৰ ফলাফল সদায় ভুল হয় বুলিয়েই তেওঁ বিশ্বাস কৰে৷