গুৱাহাটীঃ মেধা মানুহ গঢ়াৰ বহু শিক্ষানুষ্ঠানত আজিও মহাব্যাধি ৰেগিং কাণ্ড অব্যাহত আছে৷ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে মানৱীয় গুণ, সংস্কাৰ, শালীনতাবোধৰ পাঠ গ্ৰহণ কৰিবলৈ আহে৷ কিন্তু তেনে বহু ছাত্ৰ-ছাত্ৰীয়ে শালীনতা পাহৰি যায়৷ জ্যেষ্ঠসকলে কনিষ্ঠ সকলক মৰম, আদৰ কৰাৰ পাঠ গ্ৰহণ কৰি তাৰ ওলোটা হে কৰা দেখা যায়৷ কেৱল মেধাই যে সকলো নহয় একো একোগৰাকী ছাত্ৰৰ ব্যৱহাৰে পৰিচয় দিয়ে৷
মেধা সকলক সম্পদ কৰিবলৈ পিতৃ-মাতৃয়ে অলেখ সপোন লৈ একো একোখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰে৷ কিন্তু এই সপোন আধাতে সামৰি বহু ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিব লগা হয়, আত্মহত্যা কৰিব লগা হয়৷ তাৰ কাৰণ হল ৰেগিং৷ তাৰ মাজতে উজনি অসমৰ এখন আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত মাহৰ পিছত মাহ ধৰি ৰেগিং কাণ্ড সংঘটিত হৈ অহাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷