পুনেঃ লোকসভা নিৰ্বাচনীৰ পূৰ্বে দেশত আৰক্ষীৰ অনুসন্ধান অভিযান অব্যাহত আছে৷ নিৰ্বাচনত কোনো ধৰণৰ বাধা-বিঘিনি নঘটিবলৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা হাতত লৈছে৷ এনেদৰে অভিযান চলাই পুনেৰ জুন্নৰৰ পিম্পলবন্দী নামৰ এলেকাত এজন লোকৰ গৃহৰপৰা মাৰাণাস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

এনেদৰে অবৈধভাৱে ঘৰত মজুত ৰখা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে ৰাজাৰাম অভংগ নামৰ লোকজনক আৰক্ষীয়ে আটক কৰে৷ 

এক গোপন সূত্ৰৰ পম খেদি পিম্পলবন্দী নামৰ গাঁৱত এজন লোকৰ ঘৰত অবৈধভাৱে বিস্ফোৰক সামগ্ৰী মজুত থকাৰ খবৰ পাই ততাতৈয়াকৈ আৰক্ষীয়ে তালাচী আৰম্ভ কৰে৷ ইয়াৰ পাছতেই লোকজনৰ ঘৰৰপৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰৰসহ বিস্ফোৰক সামগ্ৰী৷ এই সামগ্ৰীসমূহৰ লগতে বিস্ফোৰক পাউডাৰ আৰু ৫৯ ডাল ডিটনেটৰো পোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজনৰক বিস্ফোৰক সামগ্ৰীসহ পুনে আদালতত হাজিৰ কৰা হ’ব৷ আনহাতে, উদ্ধাৰ কৰা বিস্ফোৰক সামগ্ৰীসমূহ আগন্তুক লোকসভা নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷