নতুন দিল্লীঃ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ, পঞ্জাৱ আৰু গোৱা- এই পাঁচখন ৰাজ্যৰ সদ্যসমাপ্ত বিধান সভা নিৰ্বাচনৰ এগজিট প’লে পুনৰাই মোডীৰ মেজিককে বাহাল থকাৰ ইংগিত দিছে। দেশখনৰ সৰ্বাধিক সংসদীয় আসন থকা ৰাজ্য উত্তৰ প্ৰদেশত এগজিট প’লৰ ফলাফল ওলোৱাৰ আগৰেপৰা খোপনি পোতাৰ দিশে আগবঢ়া ভাৰতীয় জনতা দলৰ সমৰ্থকসকলে আজিৰেপৰা ফটকা ফুটাই আনন্দ জাহিৰ কৰাত লাগিছে। অৱশ্যে অখিলেশ যাদৱৰ নেতৃত্বত থকা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে বিজেপি দলটোৰ সমানে সমানে আসন পোৱাৰ সম্ভাৱনা থকা হেতুকে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব নোৱাৰিব শাসকীয় দলটোৰে।
ইফালে পুৰ্বানুমান অনুযায়ী অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে পঞ্জাৱত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। আকৌ উত্তৰাখণ্ডত প্ৰশস্ত হৈ পৰিছে বিজেপি চৰকাৰৰ প্ৰত্যাৱৰ্তনৰ বাট। শাসনাধিস্থ কংগ্ৰেছ দলটোৱে উত্তৰাখণ্ডত গাদী হেৰুওৱাটো একপ্ৰকাৰ খাটাং কৰি দিছে এগজিট প’লে।