52
ডিজিটেল ডেস্কঃ অসম কন্যা বিদিশা বেজবৰুৱাৰ আত্মহত্যাৰ অনুসন্ধানত প্ৰকাশ পাইছে নতুন তথ্য। বুধবাৰে আৰক্ষীয়ে বিদিশাৰ স্বামী নিশিতক এদিনৰ বাবে জিম্মাত লোৱাৰ পিছতেই এতিয়া পোহৰলৈ আহিছে সত্য৷
উক্ত অনুসন্ধানত স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে বিদিশা চিন্তান্বিত আছিল বুলি প্ৰকাশ পাইছে৷ বিগত বৰ্ষৰ এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱা বিদিশাৰ বিয়াৰ ৮ মাহ পিছতেই বৈবাহিক জীৱনত আৰম্ভ হৈছিল মনোমালিন্য৷