লংকাঃ হোজাই জিলাৰ লংকা পৌৰ সভাৰ অন্তৰ্গত ১১ নং ৱাৰ্ডৰ সেয়া পথ নে পথাৰ ধৰিবলৈ অসুবিধা হঠাৎ দেখা ব্যক্তি এজনৰ বাবে৷ ১৫ বছৰীয়া কংগ্ৰেছী শাসন কালক ৰাজ্যৰ অনুন্নয়নৰ কাৰণ কৈ পৰিবৰ্তন আৰু উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে৷ পিছে নিৰ্বাচনৰ আগৰ কথা আৰু চৰকাৰ গঠনৰ পাছৰ কথা একে হৈ নুঠিল৷
প্ৰতিশ্ৰুতিৰ ফুলজাৰি ফুটাই ৰাজ শাসন দখল কৰা মিছলীয়া চৰকৰখনে যে যোৱা ১৬ মাহত ৰাইজক পৰিবৰ্তনৰ নামত আভুৱা ভাৰিলে, সেয়া প্ৰমাণ হ’ল৷ চৰকাৰ ফোপোলা স্বৰূপটো উদঙাই পেলাইছে ৰাজ্যৰ বাট-পথ বোৰেই৷ তেনে পথেৰে ভৰি লংকাৰ ১১ নং ৱাৰ্ডটো৷ ভালকৈ নাচালে পথ নে পথাৰ ধৰিবলৈ টান হৈ পৰে৷ বিগত সময়ত বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো কোনো ফল ধৰা নাই এই অঞ্চলটোত৷