গুৱাহাটীঃ আজি গুৱাহাটী প্ৰেছ ক্লাৱত ‘‘সন্ত্ৰাসবাদীৰ দ্বাৰ নিৰ্যাতিত পৰিয়ালৰ ন্যায় মঞ্চ’’ৰ উদ্যোগত এখন সংবাদমেলৰ অনুষ্ঠিত কৰা হৈছিল৷আজিৰ এই সংবাদমেলত মঞ্চৰ সভাপতি ব্ৰজেন হাজৰিকাই কয় যে চৰকাৰে নিৰ্যাতিত সকলক পুনৰ সংস্থাপন তথা আৰ্থিক সাহায্য প্ৰদানৰ কোনো ধৰনৰ ব্যৱস্থা হাতত লোৱা নাই। যাৰ ফলত নিৰ্যাতিত সকল আৰু তেঁওলোকৰ পৰিয়াল সমূহে ভয়ানক আৰ্থিক সংকটৰে দিন অতিবাহিত কৰিছে৷
সংবাদমেলখনত মঞ্চৰ সভাপতি ব্ৰজেন হাজৰিকাই অভিযোগ কৰে যে পৰিবৰ্তনকামী BJP চাৰকাৰে সন্ত্ৰাসবাদীৰ দ্বাৰ নিৰ্যাতিত লোকৰ পেঞ্চনবোৰো কৰ্তন কৰিলে। উল্লেখযোগ্য যে ১৯৯২ চনৰ তিনিজন আলফা নেতাই আৰক্ষীৰ হৈ চোৰংচোৱাগিৰি কৰাৰ অভিযোগত মংগলদৈৰ বাসগৃহৰ পৰা ব্ৰজেন্দ্ৰ কলিতা, যাদৱ চন্দ্ৰ কলিতা, নৱ বৰুৱা আৰু যোগেন্দ্ৰ ডেকা নামৰ মুঠ চাৰিজন যুৱকক অপহৰন কৰি নি নানা অত্যাচাৰ কৰি হত্যা কৰি অজ্ঞাত স্থানত পেলাই থৈ যায় কিন্ত সৌভাগ্য ক্ৰমে ৰক্ষা পৰিছিল ব্ৰজেন্দ্ৰ কলিতা নাম লোক জন।