গুৱাহাটীঃ আকৌ অসমীয়াৰ পদূলিলৈ আহিল বাপতি সাহোন ৰঙালী বিহু৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷ ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত ঐতিহ্যমণ্ডিত ফাটবিহু উদযাপনৰ বাবেও সোমবাৰৰ পৰা প্ৰস্তুতি আৰম্ভ হ’ল৷ এইবেলিও ঐতিহ্যমণ্ডিত ফাটবিহুত জনসমুদ্ৰত পৰিণত হ’ব৷ চাৰিকড়ীয়াৰ পাৰৰ জাতি-জনগোষ্ঠীয়ে সমন্বয়-সম্প্ৰীতিৰে ফাটবিহুক পালন কৰি আহিছে৷
অসমৰ লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ঢকুৱাখনাৰ ফাটবিহু উৎসৱ-২০১৮ উদযাপনৰ বাবে ইতিমধ্যে ৰাইজ একত্ৰিক হ’বলৈ আৰম্ভ কৰিছে। চাৰিকড়ীয়া নৈ পাৰৰ ম’হঘূলি চাপৰিত ফাটবিহু উৎসৱ উদযাপনৰ সমিতিৰ উদ্যোগত এখন সভা অনুষ্ঠিত হৈ যায়৷ এই সভাতে ফাটবিহু উৎসৱ উদযাপনৰ সমিতি গঠন কৰা হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্ৱয়-সম্প্ৰীতিৰ মিলন ভূমিত পৰিণত হোৱা ফাট বিহুত