Home ৰাজ্যফেচবুকত আলফা স্বাধীন, ছ’চিয়েল মিডিয়া ওমলা ঘৰ নহয়

ফেচবুকত আলফা স্বাধীন, ছ’চিয়েল মিডিয়া ওমলা ঘৰ নহয়

by News Desk
62 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে সংযুক্ত মুক্তি বাহিনী স্বাধীনে এক বিবৃতি যোগে ফেচবুকৰ জগতত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰে৷ বিবৃতি যোগে আলফাই সময় তথা অলেখ শুভাকাংক্ষীৰ আন্তৰিক দাবী সাৰোগত কৰি সামাজিক যোগাযোগৰ মাধ্যমতো সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ আপোচবিহীন সংগ্ৰামী যাত্ৰাক সংগী হিচাপে লোৱাৰ মানসেৰে সংগঠনটোৰ প্ৰচাৰৰ বাবে আৰু সংগঠনৰ প্ৰচাৰ বিভাগৰ পৰা নতুনকৈ ফেচবুকৰ জগতত ভৰি দিয়াৰ প্ৰয়াস কৰা বুলি কয়৷ এই কথা উল্লেখ কৰি বিদ্ৰোহী সংগঠনটোৱে তেওঁলোকৰ প্ৰকৃত ঠিকনা অসমৰ পৰাধীন থলগিৰি ৰাইজৰ উমাল বুকুহে বুলি কয়৷

অসমৰ ৰাইজৰ মৰম-আশীৰ্বাদ, গঠনমূলক সমালোচনা, ক্ষমাশীল ধৈৰ্য আৰু আফুৰন্ত ত্যাগৰ বিনিময়ত ঔপনিবেশিক ভাৰত ৰাষ্ট্ৰৰ হাজাৰ অভিসন্ধি তথা এচাম তথাকথিত শীৰ্ষনেতাৰ প্ৰতাৰণা অতিক্ৰমি অসমৰ সন্মিলিত জাতীয় মুক্তি সংগ্ৰাম খনৰ অবিৰত যাত্ৰাই আজি এক উত্তৰণৰ দিশত ভৰি থৈছে বুলিও কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0